গুৱাহাটীঃ স্বাধীন ভাৰতৰ অসমৰ বুৰঞ্জীৰ কথা উনুকিয়ালে প্ৰথমে ১৯৬২ চনৰ ভাৰত-চীনৰ যুদ্ধৰ কথা নিশ্চয় উনুকিয়াই লাগিব৷ ভাৰত-চীনৰ যুদ্ধৰ কথা চৰ্চা নকৰিলে আধৰুৱা হৈ ৰব স্বাধীনতা লাভ কৰাৰ পিছৰ অসমৰ ইতিহাস৷
দেশে স্বাধীনতা লাভ কৰাৰ পিছতেই ১৯৬২ চনত যুদ্ধ কৰিব লগা হৈছিলে দেশৰ চৰকাৰ খনে৷ ভাৰত-চীন যুদ্ধৰ কাৰণ আছিল সীমা বিবাদ৷ ১৯৬২ চনত ভাৰত আৰু চীনৰ মাজৰ যুদ্ধৰ কাৰণ আছিল হিমালয়াৰ সীমা। কেৱল ইমানে নহয় দালাই লামাক সহযোগ কৰা, ১৯৫৯ চনৰ হিংসুক তিব্বতৰ আন্দোলনে ইয়াৰ অন্যতম কাৰণ হ’ব পাৰে বুলি চৰ্চা আজিও হয়৷