ডিজিটেল ডেস্কঃ ফেচবুকৰ লাখ লাখ ব্যৱহাৰকাৰীৰ ডাটা তৃতীয় পক্ষই নীতিবিৰুদ্ধে আহৰণ কৰা বিষয়টো ব্ৰিটিছ সংসদীয় তদন্ত সমিতিয়ে গুৰুত্ব সহকাৰে লৈছে৷ ব্ৰিটিছ সংসদীয় তদন্ত সমিতিয়ে ইতিমধ্যে ডাটা তৃতীয় পক্ষই নীতিবিৰুদ্ধে আহৰণ কৰা বিষয় সন্দৰ্ভত তদন্তৰ খাতিৰত মাতি পঠিয়াইছিল মাৰ্ক জুকাৰবাৰ্গক৷
ব্ৰিটিছ সংসদীয় তদন্ত সমিতিৰ ওচৰলৈ ফেচবুকৰ স্ৰষ্টা মাৰ্ক জুকাৰবাৰ্গক হাজিৰ হ’বলৈ কোৱা হৈছে যদিও জুকাৰবাৰ্গে কোনোপধ্যেই হাজিৰ নোহোৱাৰ কথা স্পষ্ট কৰে। আনকি ভিডিঅ’ কলযোগেও প্ৰশ্নৰ উত্তৰ দিয়া প্ৰাস্তাৱলৈও সঁহাৰি নিদিলে জুকাৰবাৰ্গে।