ডুমডুমাঃ কাকপথাৰ উন্নয়ন খণ্ডত ইন্দিৰা অাৱাস যোজনাৰ গৃহ নিৰ্মানত ব্যাপক অনিয়মৰ অভিযোগ উঠিছে। ডুমডুমা বিধান সভা সমষ্টিৰ অন্তৰ্গত কাকজান গাঁও পঞ্চায়তৰ ৪নং ৱাৰ্ডৰ সোণজান গাঁৱত ইন্দিৰা আৱাস যোজনাৰ গৃহ নিৰ্মানৰ নামত সংঘটিত হৈছে চূড়ান্ত অনিয়ম।
পঞ্চায়ত খনৰ জনৈক ছিৰাজ নামৰ এগৰাকী ৱাৰ্ড সদস্যৰ ছত্ৰছায়াত সংঘটিত হৈছে এই অনিয়ম। গাঁওখনৰ ১৬ গৰাকীকৈ হিতাধিকাৰীৰ আঁচনিৰ ধন, বেংকৰ পৰা ইতিমধ্যেই ছিৰাজ আৰু তেওঁৰ একাংশ সহযোগীয়ে কৌশলেৰে উলিয়াই লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে।