গোৰেশ্বৰঃ সৰ্বশিক্ষা যেন এতিয়া সোণৰ কণি পৰা এটা হাঁহ। তাকেই প্ৰমাণ কৰিছে মঙলবাৰৰ এক ঘটনাই। সৰ্বশিক্ষাৰ নামত ৰাজ্যৰ শিক্ষা খণ্ডত চলি থকা দূৰ্নীতি আৰু ছাত্র-ছাত্ৰীৰ নামত অহা সামগ্ৰীৰ সঠিক বিতৰণ নোহোৱাৰ ঘটনা আজি পোহৰলৈ আহে বাগসা জিলাৰ গোৰেশ্বৰত। চহৰৰ মাজমজিয়াত অৱস্থিত ১৪২ নং গোৰেশ্বৰ নিম্ন বুনিয়াদী বিদ্যালয়ত আজি সৰ্বশিক্ষাৰ বিভিন্ন সামগ্ৰী অবৈধ ভাবে মজুত কৰি ৰখাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
আজি গোৰেশ্বৰ আঞ্চলিক জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ, গোৰেশ্বৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্র সন্থা আৰু গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদে বিদ্যালয়খনত অবৈধ ভাবে মজুত কৰি ৰখা সামগ্ৰীসমূহ উদ্ধাৰ কৰে।