কোকৰাঝাৰঃ বিটিএডি বিধানপৰিষদীয় ভৱনত আজিৰে পৰা দুদিনীয়া কাৰ্য্যসূচীৰে বিটিএডিৰ ২০০১৭-১৮ বিত্তীয় বৰ্ষৰ বাজেট অধিবেশনখন আৰম্ভ হৈছে ৷ বিটিএডিৰ বিধান পৰিষদৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা আজি প্ৰথম দিনাৰ বাজেট অধিবেশনত বিটিচিৰ ২০১৭-১৮ বিত্তীয় বৰ্ষৰ সৰ্বমুঠ ২৫৭৬ কোটি ২৮ লাখ ৫১হেজাৰ টকাৰ সাধাৰন বাজেটখন উথাপন কৰে বিটিচি প্ৰধান তথা বিত্ত বিভাগৰ দায়িত্বত থকা হাগ্ৰামা মহিলাৰীয়ে।
২৭ পৃষ্ঠাযোৰা বাজেট প্ৰতিবেদনখন আনুষ্ঠানিকভাবে সদনত পাঠ কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ আজিৰ বাজেট অধিবেশনৰ প্ৰশ্নকালিন শিতানত বিৰোধী দলৰহৈ চিৰাঙ দুৱাৰ পৰিষদীয় সমষ্টিৰ মাউথি ব্ৰক্ষ হাজোৱাৰীয়ে সদনৰ মজিয়াত চিৰাঙৰ পথ নিৰ্মাণত চৰম দূৰ্নীতিৰ তথ্য দাঙি ধৰে ৷ আনকি সদনৰ প্ৰশ্নত্তোৰকালীন শিতানত প্ৰকৃত তথ্য লুকুৱাই ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে বিৰোধীয়ে।