মিছামাৰীঃ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ মিছামাৰীৰ গৰুবন্ধা গাঁও পঞ্চায়তৰ অন্তৰ্গত গৰুবন্ধা ৰাজ্যিক চিকিৎসালয়ৰ উত্তৰ দিশৰ পকী বেৰৰ কাষেৰে বাৰিষাৰ পানী ওলাই যোৱা এটা নলা নিৰ্মাণৰ কাৰণে তিনি লাখ টকা অনুমোদন হয়।
গৰুবন্ধা ৰাজ্যিক চিকিৎসালয়ৰ পৰা মিছামাৰী কলেজ ৰোড হৈ বেঙেনাজুলী নদীলৈকে নিৰ্মাণ হ’ব লগা নলা নিৰ্মাণৰ কাম ৫০ মিটাৰ কৰাৰ পিছতে নিৰ্মাণকাৰ্য স্থবিৰ হৈ পৰে। দীৰ্ঘদিন ধৰি নলাৰ কাম নোহোৱাত ৰাইজে নলাটোৰ নিৰ্মাণৰ দায়িত্বত থকা গৰুবন্ধা পঞ্চায়তৰ কৰ্মকৰ্তাৰ সৈতে যোগাযোগ কৰাত যিখিনি কাম হ’ল সিমানতে অনুমোদিত তিনি লাখ টকা শেষ হল বুলি কৈ দায় সাৰে।