গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ বিহাপাৰা-চাম্পুপাৰাত আজি বন বিভাগে অভিযান চলাই ভালেকেইটা অবৈধ বালি মহল উচ্ছেদ কৰে। উল্লেখ্য যে বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই বন ধ্বংসৰ বিৰুদ্ধে সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ সময়তে বন বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে মন্ত্ৰীগৰাকীৰ নিৰ্দেশক সফল কৰাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে৷
বনমন্ত্ৰীগৰাকীৰ কঠোৰ নিৰ্দেশৰ পিছত সষ্টম হৈ আজি বামুণীগাঁও, নগৰবেৰা আৰু বন্ধাপাৰাৰ খণ্ড বন কাৰ্যালয়ৰ কৰ্মীসকলৰ সহযোগত অভিযান চলাই বিহাপাৰা আৰু চাম্পুপাৰাত অবৈধ বালিৰ মহল উচ্ছেদ কৰে।