গুৱাহাটীঃ চৰকাৰে ব্যাপক প্ৰচাৰ চলাই জন ধন যোজনা আৰম্ভ কৰি দেশৰ সকলো লোকক বেংক একাউণ্ট খোলাৰ ব্যৱস্থা কৰিছিল৷ কেচ লেচ ব্যৱস্থাৰ সৈতে দেশৰ নাগৰিকক জৰিত কৰাৰ উদ্দেশ্যে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিলেও দেশৰ নাগৰিকক বেংক ব্যৱস্থাৰ সৈতে সংযোগ কৰাত বেয়াকৈ বিফল হৈছে দেশৰ চৰকাৰ৷
ব্যাপক ধাক ঢোল বজাই জন ধন যোজনাৰ সৈতে নাগৰিকক জৰিত কৰিব বিচাৰিলেও বেংক ব্যৱস্থাৰ সৈতে দেশৰ নাগৰিকক জৰিত কৰাত বিফল হৈছে চৰকাৰ৷ প্ৰাপ্তবয়স্কৰ বেংক একাউণ্ট নথকা বিশ্বৰ দ্বিতীয় খন দেশ ভাৰত৷ ভাৰতৰ ১৯ কোটি প্ৰাপ্ত বয়স্কৰ নাই বেংক একাউণ্ট৷