তেলাহীঃ মৰিগাঁও জিলাৰ তেলাহী ছিনিয়ৰ মাদ্ৰাছাত বিগত পোন্ধৰ বছৰে শিক্ষকৰূপে কৰ্মৰত এজন লোকক উচ্চ ন্যায়ালয়ে অবৈধ বাংলাদেশী ঘোষণা কৰাৰ পিছত লোকজন শেহতীয়াকৈ নিৰুদ্দেশ হৈ থকা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ মুকচদ আলম দেৱান এই নামৰ লোকজনক বিগত বৰ্ষত বিদেশী ন্যায়াধিকৰণে বিদেশী আইন, ১৯৪৬ৰ ২(ক) ধাৰাৰ অধীনত অবৈধ বিদেশী বুলি ঘোষণা কৰে৷
ইয়াৰ পিছতে এই ৰায়ক প্ৰত্যাহ্বান জনাই দেৱান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰাস্থ হয়৷ কিন্তু উচ্চ ন্যায়ালয়ে বিদেশী ন্যায়াধিকৰণৰ ৰায়কে বাহাল ৰাখে৷ সমান্তৰালকৈ ২১ জানুৱাৰীত মাদ্ৰাছা শিক্ষা সঞ্চালকালয়ে SMB/ACA/TISM/91/Pt/271-A নং নিৰ্দেশযোগে শিক্ষকজনক কৰ্তব্যৰ পৰা নিলম্বন কৰে৷ ইয়াৰ পিছৰে পৰা উক্ত লোকজন নিৰুদ্দেশ হৈ আছে৷