ডিজিটেল ডেস্কঃ ‘‘সাহিত্য, দৰ্শন কিম্বা ধৰ্মীয় কাৰ্যত নহয়, সংস্কৃত ভাষা প্ৰযুক্তিৰ ক্ষেত্ৰতো সকলোতকৈ উৎকৃষ্ট ভাষা৷’’ -এই মন্তব্য ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ৷ কম্পিউটাৰৰ বাবে সংস্কৃত সবাতকৈ উপযুক্ত ভাষা বুলি বিশেষজ্ঞসকলেও মানি লৈছে বুলি দাবী কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে৷ নতুন দিল্লীৰ শ্ৰী লালবাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় সংস্কৃত বিদ্যাপীঠৰ এটি অনুষ্ঠানত উপস্থিত থাকি ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে এই মন্তব্য কৰে৷
‘‘দেশৰ আত্মা প্ৰতিফলিত হয় সংস্কৃত ভাষাৰ যোগেদি৷ সংস্কৃত ভাষাই আন বহুকেইটা উপভাষাৰ জন্ম দিছে৷ সংস্কৃত ভাষাৰ পৰা যি জ্ঞান আহৰণ হয়, সেই জ্ঞান পৃথিৱীৰ আন কোনো ভাষাই প্ৰদান কৰিব নোৱাৰে৷ সংস্কৃত কেৱল সাহিত্য, দৰ্শন কিম্বা ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ ভাষাই নহয়, সংস্কৃত বিজ্ঞানৰ ভাষা হিচাপেও পৰিচিত৷ আৰ্যভট্ট, বৰাহ মিহিৰ, ভাস্কৰ, চৰক অথবা শুশ্ৰুতৰ দৰে প্ৰাচীন বৈজ্ঞানিক আৰু গণিতবিদ সকলেও সংস্কৃত ভাষাত উল্লেখযোগ্য কাম-কাজ কৰি গৈছে৷’’- নতুন দিল্লীৰ সংস্কৃত বিদ্যাপীঠখনত উপস্থিত থাকি ভাষণ প্ৰসংগত এনেদৰে মন্তব্য কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে৷