ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ে মেঘালয় আৰু অৰুণাচলৰ ৮ খন আৰক্ষী থানাৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰে৷ কেন্দ্ৰীয় চৰকাৰে এক ৰাজপত্ৰিত বিবৃতিৰ জৰিয়তে এই কথা ঘোষণা কৰে৷ ইয়াৰ লগতে মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ডলৈ আহিব লগা বিদেশী নাগৰিক ক্ষেত্ৰত প্ৰতিবদ্ধকতা শিথিল কৰে৷
অৱশ্যে পাকিস্তান, আফগানিস্তান, আৰু চীনৰ নাগৰিকৰ ক্ষেত্ৰত পূৰ্বৰ নিয়মে বাহাল থাকিব৷ AFSPA অৰ্থাত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন, ১৯৫৮ উত্তৰ-পূৰ্বাঞ্চলত বলবৎ কৰি সেনাৰ হাতত সকলো নিয়ন্ত্ৰণ ন্যস্ত কৰাৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণে৷