নগাঁওঃ সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাতো অনুষ্ঠিত হ’ব নমামী ব্ৰহ্মপুত্ৰ উৎসৱ৷ জিলা প্ৰশাসনৰ উদ্যোগত ৩১ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈ পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই উৎসৱ৷ জিলাখনৰ শিলঘাট, ধিঙৰ ব্ৰহ্মপুত্ৰৰ পাৰত, নগাঁও চহৰৰ কলঙৰ পাৰৰ নেহৰুবালি আৰু কপিলী পাৰৰ ৰহাকে ধৰি মুঠ চাৰিটা স্থানত আয়োজন কৰা হৈছে এই উৎসৱ৷
নগাঁৱৰ সভ্যতা-সংস্কৃতি আৰু পৰ্যটন ক্ষেত্ৰৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি মহাবাহু ব্ৰহ্মপুত্ৰৰ লগতে কলং আৰু কপিলীৰ পাৰতো আয়োজিত এই উৎসৱক লৈ ইতিমধ্য সুকীয়াকৈ কলং আৰু কপিলীক কেন্দ্ৰ কৰি এটি ‘থিম ছং’ প্ৰস্তুত কৰি উলিওৱাৰ বিপৰীতে এখন তথ্যচিত্ৰৰো ব্যৱস্থা কৰা হৈছে৷