ডিফুঃ মন্ত্ৰী সভা গঠনৰ পিছতে দুই নতুন মন্ত্ৰীক সংগী কৰি লৈ এদিনীয়া কাৰ্যসূচীৰে কাৰ্বি আংলঙত অতিবাহিত কৰিলে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ নৱ নিযুক্তি মন্ত্ৰী ছুম ৰংহাং আৰু পীযূষ হাজৰিকাক লগত লৈ কেইবাখনো ৰাজহুৱা সভাত অংশ লোৱাৰ লগতে কাৰ্বি পৰিষদৰ সচিবালয়ৰ নতুন গৃহ উদ্ধোধন কৰে হিমন্তই। পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুৰ চুতীয়া নালাৰ ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত বিজেপিৰ ঐতিহাসিক বিকাশ ৰেলীত প্ৰতিকুল বতৰকো নেওচি অংশ গ্ৰহণ কৰা প্ৰায় ১ লাখ লোকক সম্বোধন কৰে হিমন্তই৷
