মৰিগাঁওঃ খিলঞ্জীয়াৰ জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গান দি ক্ষমতালৈ অহা বিজেপিৰ মৰিগাঁও জিলা সমিতিয়ে আজি বাংলাদেশীৰ ৰক্ষক বুলি সৰ্বত্ৰে জনাজাত হবিবুৰ ৰহমান ছিদ্দিকীক বৰমালা পিন্ধোৱা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷
উল্লেখ্য যে জিলাখনৰ নগাবন্ধা পঞ্চায়তৰ সভাপতি পদৰ বাবে হোৱা উপ-নিৰ্বাচনত দলটোবে জয়লাভ কৰাৰ বাবে দলটোৰ জিলা কাৰ্যালয়ত হোৱা বিজয় উত্সৱত হঠাতে বিতৰ্কিত ছিদ্দিকী উপস্থিত হয়৷ উপ-নিৰ্বাচনত দলটোক গোপনে সহায় কৰে বুলি অভিযোগ উঠা ছিদ্দিকীক একাংশ দলীয় কৰ্মীয়ে মালা পিন্ধাই আদৰণি জনায়৷