Home দেশচৰকাৰৰ নিৰ্দেশ, মোবাইল চিমৰ বাবে আধাৰ কাৰ্ড নহয় বাধ্যতামূলক

চৰকাৰৰ নিৰ্দেশ, মোবাইল চিমৰ বাবে আধাৰ কাৰ্ড নহয় বাধ্যতামূলক

by News Desk
54 views
A+A-
Reset

ডিজিটেল ডেস্কঃ মোবাইল চিমৰ সৈতে আধাৰ কাৰ্ডৰ সংযোগ সন্দৰ্ভত থকা গ্ৰাহকৰ মনৰ শংকা দূৰ কৰিলে ভাৰত চৰকাৰে৷ মঙলবাৰে ভাৰত চৰকাৰে লোৱা এক সিদ্ধান্ত মৰ্মে গ্ৰাহক সকলেআদাৰ কাৰ্ড অবিহনেই চিম কাৰ্ড লাভ কৰিব পাৰিব৷ মঙলবাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ে চিম কাৰ্ডৰ বাবে আধাৰ কাৰ্ড অত্যাৱশ্যকীয় নহয় বুলি নিৰ্দেশ জাৰি কৰে৷

ভাৰতৰ টেলিকম সচিব অৰুণা সুন্দৰৰাজনে এক বিবৃতিযোগে টেলিকম সংস্থাসমূহক চালকৰ অনুজ্ঞা পত্ৰ, পাছপৰ্ট, ভোটাৰ পৰিচয় পত্ৰ আদি যি কোনো পৰিচয় পত্ৰ গ্ৰহণ কৰি চিমৰ নতুন সংযোগ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে৷ গ্ৰাহকসকল যাতে অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্ৰতি গুৰুত্ব ৰাখি অতি সোনকালে এই নিৰ্দেশ কাৰ্যকৰী কৰা হ’ব বুলিও টেলিকম সচিব অৰুণা সুন্দৰৰাজনে জানিবলৈ দিয়ে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0