শিৱসাগৰঃ প্ৰতিবাদৰ হেনো ভাষা নুবুজে এই গেৰুৱা চৰকাৰখনে। ৰাইজৰ হৈ মাত মাতি অহা আহোম জাতীয় গণমঞ্চ, অসম শিৱসাগৰ জিলা সমিতিৰ এশ ঘণ্টীয়া অনশনযোগে উত্থাপন কৰা দাবীসমূহ মানি লোৱা দূৰৰে কথা, অনশনকাৰীক সাক্ষাতো নকৰিলে চৰকাৰে।
আঠ দফীয়া দাবীৰে পালন কৰা এশ ঘণ্টীয়া অনশন ৰ্কায্যসূচীৰ আজি সামৰণি পৰে। সভাত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি মহেন্দ্ৰ দিহিঙিয়াই ৰ্কায্যসূচীত সহযোগ আগবঢ়োৱা আছু, টাইপা, আমছু, অ.জা.যু.ছা.প, উজনি অসম মুছলিম কল্যাণ পৰিষদ, কলিতা ছাত্ৰ সন্থাক ধন্যবাদ জনায়৷