ছয়গাঁওঃ অসম ৰাজ্যিক পৰিবহণ নিগমৰ চাৰিখনকৈ বাছত ছয়গাঁৱত শুকুৰবাৰে নিশাৰ আন্ধাৰৰ সুযোগ লৈ কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে ঘটনাক তীব্ৰ গৰিহণা দিছে ছয়গাঁও সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰেজ্জাকে।
তথ্য মতে কালি নিশা প্ৰায় ডেৰ বজাত অসম ৰাজ্যিক পৰিবহণ নিগমৰ ছয়গাঁও আস্থানত থকা চাৰিখনকৈ বাছত কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰে। ছয়গাঁও থানাৰ লগত সংলগ্ন পৰিবহণ নিগমৰ ছয়গাঁও আস্থানত থকা বাছকেইখনত জুই লগাৰ বিষয়ে আৰক্ষীয়ে খবৰ লাভ কৰি ছয়গাঁও আৰু বকোৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় যদিও ইতিমধ্যে তিনিখনকৈ বাছ ভস্মীভূত হয়।