গোৰেশ্বৰঃ অসম সাহিত্য সভাৰ অন্যতম শাখা সাহিত্য সভা বাগসা জিলাৰ গোৰেশ্বৰ সাহিত্য সভাৰ উদ্যোগত আজি এখন গ্ৰন্থ উন্মোচনী তথা স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। গোৰেশ্বৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত খগেন্দ্ৰ নাথ কাৰ্জিয়ে লিখা “শ্ৰীকৃষ্ণৰ বনভোজ” শীৰ্ষক পুথিখন আজি কাৰ্জিৰ ছমহীয়া তিথিৰ লগত সংগতি ৰাখি আনুষ্ঠানিকভাবে উন্মোচন কৰা হয়।
গোৰেশ্বৰ সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা পুথিখনৰ উন্মোচনীৰ বাবে আজি ৰামছা বালিকা প্ৰাথমিক বিদ্যালয়ত দিনৰ দুই বজাত গোৰেশ্বৰ সাহিত্য সভাৰ সভাপতি কৰুণাকান্ত ডেকাৰ সভাপতিত্বত এখন গ্ৰন্থ উন্মোচনী সভা তথা স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। গ্ৰন্থ উন্মোচন কৰে বেতনা শিক্ষা আৰু কৃষি উন্নয়ন আৰু সংঘৰ সভাপতি অমীন্দ্ৰ নাথে।