গোৱালপাৰাঃ স্বাস্থ্য খণ্ডত ডাক্তৰৰ অৱহেলাৰ ফলত প্ৰতিদিনেই বহুলোক মৃত্যুমুখত পৰে। একেই অৱহেলাৰ প্ৰতিফলন ঘটিছে গোৱালপাৰাৰ অসামৰিক চিকিৎসালয়ত। চিকিৎসকৰ অৱহেলাৰ ফলত গোৱালপাৰা অসামৰিক চিকিৎসালয়খনত ৰোগীৰ মাজত অসহায় অৱস্থাৰ সৃষ্টি হৈছে। পুৱা দহ বজালৈ নাই চিকিৎসক৷
নামনি অসমৰ একমাত্ৰ চিকিৎসালয় গোৱালপাৰা দুশখন বিচনাযুক্ত অসামৰিক চিকিৎসালয়খনত চিকিৎসকে পলমকৈ উপস্থিত হোৱাটো যেন এক পৰম্পৰাত পৰিণত হৈছে ৷ বিভাগীয় নিয়ামনুসৰি পুৱা আঠ বজাতে চিকিৎসালয়ত উপস্থিত হ’ব লাগে যদিও অধিকাংশ চিকিৎসকে ব্যক্তিগত চেম্বাৰ আৰু নাৰ্ছিংহোমত ব্যস্ত থকাৰ বাবেই দহ বজাৰ পুৰ্বে উপস্থিত নহয় ৷