58
গুৱাহাটীঃ অনূৰ্ধ্ব-১৭ বিশ্বকাপৰ বাবে গুৱাহাটী ভেন্যু হিচাপে বাচনি হোৱাৰ পিছতে অসমৰ আন্তঃগাঁথনি পৰিদৰ্শনৰ উদ্দেশ্যে আজি পুৱা গুৱাহাটীত উপস্থিত হৈছে ফিফাৰ নিৰীক্ষকৰ ২১ জনীয়া দল।
জেইম য়াৰ্জাৰ নেতৃত্বত অসমলৈ অহা নিৰীক্ষকৰ দলটোৱে প্ৰথমেই নিৰীক্ষণ কৰিছে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম। ইতিমধ্যে দলটোৱে ভাৰতৰ চাৰিখন দিল্লী, গোৱা, কোচিন আৰু মুম্বাই চহৰ পৰিদৰ্শন কৰি সন্তুষ্টি ব্যক্ত কৰিছে।