newsnextone.com | গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰৰ অসমৰ মাটিত হিন্দু বাংলাদেশী সংস্থাপন সিদ্ধান্তৰ বিৰোধিতা কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই৷ কেন্দ্ৰীয় চৰকাৰৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি অগপৰ দুই প্ৰাক্তন মন্ত্ৰী আৰু বিধায়কে বিধেয়ক গৃহীত হ’লে বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ হুংকাৰ দিয়ে৷
এইবাৰ বিধেয়কখনৰ বিৰোধিতা কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই৷ বৃহস্পতিবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰে৷