newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো আৰু মাত্ৰ এটা দিন৷ ৰাজ্যখনত শাসক-বিৰোধীয়ে জোৰদাৰ নিৰ্বাচনী প্ৰাচাৰ অব্যাহত ৰখাৰ মাজতে চৰ্চা লাভ কৰিছে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লোৱা এগৰাকী নেতাৰ মন্ত্যবই৷
ৰাজ্যখনত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লোৱা বিশ্ব হিন্দু পৰিষদৰ নেতা চৰণ পম্পৱেলৰ এক বিতৰ্কিত মন্তব্যই কৰ্ণাটকৰ কংগ্ৰেছ-বিজেপিৰ তুমুল নিৰ্বাচনী প্ৰচাৰৰ মাজতে চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে৷ বিশ্ব হিন্দু পৰিষদৰ নেতা চৰণ পম্পৱেলে এটা ব্যক্তিগত সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত কয় যে অতি আধুনিক যুৱতি সকলক যদি মৰেল পুলিছে মাৰধৰ কৰে, তেন্তে সেয়া কোনো ভুল নহয়৷