নেপালী সাহিত্যৰ অন্যতম হোতা অসমৰ খৰ্কা বাহাদুৰ ছেত্ৰী আৰু নাই

Home অন্যান্য খবৰনেপালী সাহিত্যৰ অন্যতম হোতা অসমৰ খৰ্কা বাহাদুৰ ছেত্ৰী আৰু নাই

নেপালী সাহিত্যৰ অন্যতম হোতা অসমৰ খৰ্কা বাহাদুৰ ছেত্ৰী আৰু নাই

by News Desk
56 views
A+A-
Reset

খেৰণিঃ বিশিষ্ট নেপালী সাহিত্যিক খৰ্কা বাহাদুৰ ছেত্ৰী আৰু নাই। নেপালী সাহিত্যৰ হোতা, অসম নেপালী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি খৰ্কা বাহাদুৰ ছেত্ৰীয়ে বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে৷ যকৃৎ ৰোগত আক্ৰান্ত হৈ গুৱাহাটী এপল’ হস্পিতালত চিকিৎসাধীন অৱস্থাত  ৭৮ বছৰ বয়সত ছেত্ৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷ পাহাৰীয়ে জিলা পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰৰ বাসিন্দা আছিল খৰ্কা বাহাদুৰ ছেত্ৰী৷ তেওঁ মৃত্যুৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে গুণমুগ্ধৰে তেওঁৰ ঘৰ ভৰি পৰে৷

সহিত্যিকগৰাকীয়ে শিক্ষকতা কৰাৰ লগতে, সমাজসেৱা কৰি গৈছিল কাৰ্বি পাহাৰত৷ তেওঁৰ মৃত্যুত বৃহত্তৰ হাৱাইপুৰৰ লগতে সমগ্ৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙত শোকৰ ছাঁ পৰে৷ অসম নেপালী সাহিত্য সভাৰ বিষয়-ববীয়া, পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰবাসী, নেপালী সমাজ, বিভিন্ন দল-সংগঠন, বৃহত্তৰ অঞ্চলটোৰ ছাত্র-ছাত্ৰীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0