দুলীয়াজানঃ জাতীয়তাবাদৰ গইনা লৈ একাংশ দল-সংগঠনৰ নেতাই ভয়-ভাবুকিৰে সাধাৰণ লোকৰ মাজত সন্ত্ৰাস চলাই অহা অবৈধ ব্যৱসায় চলাই থকাৰ অভিযোগ কৰি তীব্ৰ প্ৰতিক্ৰিয়া কৰিছে দুলীয়াজানৰ একাংশ লোকে। জাতীয় দায়িত্ব পাহৰি অবৈধ বালিৰ ব্যৱসায়ত নামি পৰাৰ অভিযোগ উত্থাপন কৰি এনে একাংশ নেতাৰ বিৰুদ্ধে আজি সৰৱ হৈ পৰে দুলীয়াজানৰ টিপলিং বালিঘাটৰ সমীপৰ বাসিন্দা।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰচাৰ সম্পাদক প্ৰাঞ্জল ৰাজকোঁৱৰ¸ দুলীয়াজান আঞ্চলিক সমিতিৰ সভাপতি সোণেশ্বৰ ফুকন আৰু আছু নেতা অনিল গগৈৰ নাম স্পষ্টকৈ উল্লেখ কৰি স্থানীয় লোকসকলে এই নেতাকেইগৰাকীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।