55
গুৱাহাটীঃ ফিফা অনূৰ্ধ্ব-১৭ ৰ সূচী ঘোষণা কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰিছে গুৱাহাটীৰ লগতে সমগ্ৰ অসমবাসী। কিয়নো দেওবাৰে জেইম য়াৰ্জাৰ নেতৃত্বত অসমলৈ অহা ফিফাৰ নিৰীক্ষকৰ দলটোৱে গুৱাহাটীৰ প্ৰস্তুতিক লৈ সন্তুষ্টি ব্যক্ত কৰাৰ পিছতেই আজি পুনৰ এক ভাল খবৰ দিছে ফিফাই।
ভাৰতৰ চাৰিখন দিল্লী, গোৱা, কোচিন আৰু মুম্বাই চহৰ পৰিদৰ্শন কৰাৰ পিছত আজি ঘোষণা কৰামতে যুৱ বিশ্বকাপৰ চেমি ফাইনেল খেলখন অনুষ্ঠিত কৰাৰ গৌৰৱ অৰ্জন কৰিছে গুৱাহাটীয়ে।