ডিমৌঃ পেঁপা বজাই বিহুতলীত গাভৰুক কঁকাল ভগাই নচোৱাটো খুৱেই ৰোমাঞ্চকৰ কাম। কিন্তু এই ৰোমাঞ্চক এক নতুন মাত্ৰা প্ৰদান কৰিছে এই ডিমৌৰ নিতাইপুখুৰী ১ নং গড়ভঙা গাঁৱৰ আনন্দ গগৈ নামৰ শিল্পীজনে।আনন্দই চমক সৃষ্টি কৰিছে বাঁহেৰে ঢোল-পেপাঁ আৰু গগনা তৈয়াৰ কৰি।
৫৫ বছৰীয়া এইজন শিল্পী এতিয়া দিনে নিশাই বিহুৱা-বিহুৱতীৰ বাবে বাঁহেৰে ঢোল, পেপাঁ, গগনা, শুতুলি, বাঁহী আদি তৈয়াৰ কৰাত ব্যস্ত৷ ২০০৩ চনৰ পৰা আনন্দ গগৈৰ হাতৰ যাদুত প্ৰাণ পাই উঠিছে বাদ্যযন্ত্ৰই৷ আনন্দ গগৈৰ হাতৰ পৰশত কেৱল সৰু শিঙা পেপাঁই নহয় তেওঁৰ বিষ্ময়কৰ সৃষ্টিৰাজিত ৰণশিঙাও সাজু হৈ উঠিছে৷