newsnextone.com | অভয়াপুৰীঃ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা তথা মানুহৰ জীৱনৰ প্ৰতি ভাবুকি হৈ পৰা এটি উদ্যোগ বন্ধ কৰিলে বঙাইগাঁও জিলা প্ৰশাসনে৷ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ ৰাইজৰ বাবে আতংকৰ কাৰণ হৈ পৰা লাইট ডিজেল অইলৰ উদ্যোগ বন্ধ কৰিলে বঙাইগাঁও জিলা প্ৰশাসনে৷
জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ বইটামাৰী ৰাজহ চক্ৰৰ খগৰপুৰৰ ঐতিহাসিক মহাৰাণী মন্দিৰৰ সন্মুখত জনবহুল স্থানত আছিল উদ্যোগটো৷ কিছুদিন পূৰ্বে বঙাইগাঁৱৰ পৱন পাৰেখ নামৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে বিল্ড ৱেল কোঃ নামৰ লাইট ডিজেল অইলৰ উদ্যোগটো স্থাপন কৰিছিল।