শিৱসাগৰঃ অসমৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হোৱা জয়মতী আছিল আহোমৰ তুংখুঙীয়া ফৈদৰ ৰাজকোঁৱৰ গদাপাণিৰ পত্নী৷ নিজৰ স্নেহৰ স্বামী তথা দেশৰ হকে জীৱন উৎসৰ্গা কৰি অসমৰ ইতিহাসত বিশেষ মৰ্যাদা লাভ কৰা মহীয়সী নাৰী৷ সতী জয়মতীয়ে ৰাজশক্তি উদ্ধাৰৰ বাবে তথা লালুকসোলাৰ স্বেচ্ছাচাৰী শাসনৰ বিৰুদ্ধে কূট-কৌশল ৰচনা কৰাই নহয়, জয়মতীয়ে স্বেচ্ছাচাৰী লালুকসোলাৰপৰা পৰিত্ৰাণ পাবলৈ স্বামী গদাপাণিক পলাই যাবলৈ পৰম শক্তি দিছিল৷
জয়মতীৰ কথামতে স্বামী গদাপাণিয়ে অান ঠাইত আশ্ৰয় লৈ থকাৰ সময়ত অত্যাচাৰী ৰজাজনে গদাপাণিক বিচাৰি নাপাই জয়মতীক বন্দী কৰি ৰাজদৰবাৰলৈ লৈ আহে৷ গদাপাণিক উদ্ধাৰ বাবে ৰাজদৰবাৰত জয়মতীক নানা ধৰণে অত্যাচাৰ কৰে যদিও জয়মতীয়ে স্বামীৰ বিষয়ে এটা শব্দও কোৱা নাছিল৷