newsnextone.com | গৰৈমাৰিঃ সংখ্যালঘু দৰদী মন্ত্ৰী-বিধায়ক, ৰাজনৈতিক দল-সংগঠনৰ নেতাৰ অভাৱ নাই৷ দল-সংগঠনৰ নেতাই গিজিগিজাই থকা ৰাজ্যখনত সমস্যাৰো অভাৱ নাই৷ ৰাস্তা-ঘাট, বিশুদ্ধ খোৱাপানী যোগান, স্কুল-কলেজৰ অনেক সমস্যাৰ লগতে কৃষি প্ৰধান জিলাখনত কৃষকৰ অনেক সমস্যা আছে৷
সংখ্যালঘু দৰদী মন্ত্ৰী-বিধায়ক, ৰাজনৈতিক দল-সংগঠনৰ নেতাসকলে গ্ৰাম্য এলেকাৰ সমস্যা সমূহ দূৰ কৰি নিবনুৱাক কৰ্ম সংস্থাপন দিয়াৰ কথা উল্লেখ কৰে৷ এইবাৰ ৰাজ্যৰ সংখ্যালঘু নিবনুৱাক মাধমাৰ শোধোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে৷ ৰাজ্য চৰকাৰ খন সংখ্যলঘু দৰদী বুলি সময়ে সময়ে জাহিৰ কৰি থকাৰ সময়তে নিবনুৱাক চৰকাৰী সাহায্য প্ৰদানৰ নামত ব্যাপক লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷