গুৱাহাটীঃ নাৰী সৰবৰাহৰ, নাৰীদেহৰ অবৈধ ব্যৱসায়ক লৈ উদ্বিগ্ন হৈ পৰিছে সৰ্বানন্দ সোণোৱালৰ চৰকাৰ। উত্তৰ-পূবৰ প্ৰায় আটাইকেইখন ৰাজ্যতে নাৰী সৰবৰাহৰ চক্ৰক মষিমুৰ কৰাৰ বাবে ৰাষ্ট্ৰীয় মহিলা আয়োগকে ধৰি বিভিন্ন স্থানীয় স্বেচ্ছাসেৱী দল-সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি অহাৰ পিছত মঙলবাৰে ৰাজ্য চৰকাৰে এই বিষয়ত গুৰুত্বপুৰ্ণ নিৰ্দেশ দিছে বিভিন্ন বিভাগক।
নাৰী সৰবৰাহ ৰোধ কৰাৰ বাবে অতি শীঘ্ৰে ৰাজ্যত মহিলা আৰক্ষী বেটেলিয়নৰ দল স্থাপন কৰা হ’ব বুলি মঙলবাৰে এখন জনতা ভৱনৰ সভাকক্ষত বৈঠকযোগে ঘোষণা কৰে। মানৱ সৰবৰাহৰ তথ্যসমুহ বিশ্লেষণ কৰিবলৈ এক বিশেষ ন’ডেল সংস্থাও স্থাপন কৰা হ’ব বুলি ঘোষণা কৰে সোণোৱালে৷ ৰাজ্যৰ গৃহ বিভাগে ন’ডেল এজেন্সী হিচাপে দায়িত্ব গ্ৰহণ কৰিব বুলিও সোণোৱালে কয়।