newsnextone.com | ডিজিটেল ডেস্কঃ দেশত আজিও অব্যাহত আছে মুছলমান, আদিবাসী, দলিতৰ ওপৰত আক্ৰমণ৷ মুছলমান, আদিবাসী, দলিতৰ আক্ৰমণকাৰীক সকীয়াই লাগিলে মোকে মাৰক বুলি কৈছিল মোডীয়ে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এনে হিংসাত লিপ্ত লোকসকলক বাৰে বাৰে সকীয়নি দি আহিছে যদিও এনে হিংসা ৰোধ হোৱাৰ নামেই লোৱা নাই দেশত৷
এটাৰ পিছত এটা এনে ঘটনা সংঘটিত হৈ গৈছে৷ এইবাৰ গো-মাংস বিক্ৰী কৰাৰ সন্দেহত আক্ৰমণ কৰাত এজন লোকৰ মৃত্যু হয় মধ্যপ্ৰদেশত৷ বৃহস্পতিবাৰে মধ্যপ্ৰদেশৰ সাতনা জিলাৰ আমগাৰা নামৰ গাঁৱত এই ঘটনা সংঘটিত হয়৷