নতুন দিল্লীঃ দেশত বৃদ্ধি পাই অহা বায়ু প্ৰদূষণৰ বিষয়োটোত কোনো কাৰণতে আপোচ নকৰে উচ্চতম ন্যায়ালয়ে। সেয়ে অৱশেষত বাহন নিৰ্মাণকাৰী কোম্পানীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়খনে৷ এপ্ৰিলৰ প্ৰথম তাৰিখৰপৰা ভাৰত ষ্টেজ ৩ৰ বাহন বিক্ৰী কৰিব নোৱাৰিব কোনো কোম্পানীয়ে।
গাড়ীৰ লাভ-লোকচানতকৈও গুৰুত্বপুৰ্ণ বিষয় হৈছে নাগৰিকৰ স্বাস্থ্য- নিৰ্দেশ জাৰী কৰাৰ সময়ত এই মন্তব্য কৰে ন্যায়াধীশ মদন কুমাৰ আৰু দীপক গুপ্তাৰ বিচাৰপীঠে৷ গাড়ীৰ ধোৱাৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বেছি হোৱা হেতুকে নাগৰিকে জীয়াতু ভুগিবলগা হৈছে বুলি কয় বিচাৰপীঠে৷