চাবুৱাঃ ব্ৰহ্মপুত্র উপত্যকাৰ সভ্যতা আৰু ইয়াৰ প্ৰচুৰ সম্ভাৱনীয়তাক বিশ্বদৰবাৰত দাঙি ধৰাৰ বাবে ডিব্ৰুগড়ৰ কাছাৰীঘাটস্থিত ব্ৰহ্মপুত্রৰ বালিচৰত ৩১ মাৰ্চৰ পুৱা ১০ বজাত নমামি ব্ৰহ্মপুত্র মহোৎসৱৰ শুভাৰম্ভ হ’ব৷ জিলা প্ৰশাসনে আয়োজন কৰা পাঁচদিনীয়া মহোৎসৱৰ বাবে কাছাৰীঘাটত ব্ৰহ্মপুত্রৰ পাৰত থকা মহোৎসৱস্থলী ইতিমধ্যে আটকধুনীয়াকৈ সজাই তোলা হৈছে৷
৩১ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া পাঁচদিনীয়া নমামি ব্ৰহ্মপুত্র মহোৎসৱৰ জৰিয়তে ৰাজ্যৰ আন স্থানৰ লগতে ডিব্ৰুগড়তো ব্ৰহ্মপুত্রৰ ঐতিহ্য, সভ্যতা-সংস্কৃতিৰ লগতে ব্ৰহ্মপুত্রৰ পাৰত বসবাস কৰা লোকসকলৰ সংস্কৃতি প্ৰতিফলিত কৰাৰ চেষ্টা চলোৱা হ’ব৷ মহোৎসৱৰ সৈতে সংগতি ৰাখি ইতিমধ্যে ব্ৰহ্মপুত্রৰ বালিচৰত প্ৰায় ১ বৰ্গ কিঃমিঃজোৰা এলেকাত অংশগ্ৰহণকাৰী দলসমূহৰ বাবে ৮০খন বিপণী, পৰম্পৰাগত খেল-ধেমালিৰ বাবে এখন ক্ৰীড়াংগন, ৰাইজৰ সুবিধাৰ্থে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, প্ৰস্ৰাৱাগাৰ আদিৰ ব্যৱস্থা কৰা হৈছে৷