Home অন্যান্য খবৰচৰাইদেউত আটক এনএছচিএন উগ্ৰপন্থী

চৰাইদেউত আটক এনএছচিএন উগ্ৰপন্থী

by News Desk
58 views
A+A-
Reset

চৰাইদেউঃ উজনি অসমৰ সীমান্তৱৰ্তী অঞ্চলত নগাই সন্ত্ৰাস সৃষ্টি কৰি অহাৰ সময়তে চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰৰ সমীপৱৰ্তী তথা অসম-নাগালেণ্ড সীমান্তৱৰ্তী নামতোলা অঞ্চলত ড্ৰাগছ কিনিবলৈ অহা এনএছচিএনৰ (খাপলাং) এজন দূধৰ্ষ সদস্যক এটা চাইনীজ গ্ৰেনেডসহ আটক কৰে সেনাৰ দলে।

ঘটনাটো জানিবপৰা মতে, চুবুৰীয়া নগা ৰাজ্যখনৰ ম’ন জিলাৰ অন্তৰ্গত নকজাংবস্তিৰ নিৱাসী আলিয়াম কন্যাক (৩২) নামৰ নগা উগ্ৰপন্থী সংগঠন এনএছচিএনৰ খাপলাং গোটৰ সদস্যজনে নামতোলা অঞ্চলৰ এজন লোকৰ ঘৰত ড্ৰাগছ কিনিবলৈ অহা বুলি গোপন সূত্ৰৰ গম পাই জিলাখনত বাহৰ পাতি থকা সেনাবাহিনীৰ ৬৩ ফিল্ড ৰেজিমেন্টৰ জোৱানসকলে উগ্ৰপন্থী সদস্যজনক লোকজনৰ ঘৰৰ পৰা কৰায়ত্ত কৰে। নগা উগ্ৰপন্থী সদস্যজনৰ জিম্মাৰ পৰা সেনাই এটা চাইনিজ গ্ৰেনেডসহ বহুসংখ্যক ধনদাবী পত্ৰ উদ্ধাৰ কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0