newsnextone.com | গুৱাহাটী/ডিব্ৰুগড়ঃ এগৰাকী নিভাজ অসমীয়া লোকৰ শুংসুত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল ৰাজ্যৰ বিয়াগোম চৰকাৰে৷ ২ মাহ ২৪ দিনেই ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকগৰাকী ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীৰ পৰা নিৰুদ্দেশ হোৱাৰ পিছতোঁ উদ্ধাৰ কৰাটো দূৰৰ কথা কোনো ধৰণৰ তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ গৃহ বিভাগে৷
হয়, পিচিজিৰ সদস্য ৰেৱতী ফুকনৰ কথাকে কৈছোঁ৷ চৰকাৰে কোনোধৰণৰ শুংসুত্ৰ উদ্ধাৰ কৰিব নোৱাৰাৰ ফলত ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে মুখ্যমন্ত্ৰীৰ গৃহ চহৰ চাবুৱা৷ পিচিজিৰ সদস্যজনৰ সন্ধান উলিয়াব নোৱাৰাত প্ৰতিদিনে ৰাইজে ক্ষোভ ব্যক্ত কৰি আহিছে৷ ৰেৱতী ফুকনৰ গৃহভূমি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো গৃহমন্ত্ৰী হোৱাত ৰাইজে নিজ এলেকাৰ এগৰাকী জ্যেষ্ঠ নাগৰিকৰ সন্ধান উলিয়াবলৈ মুখ্যমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ উত্থাপন কৰি আহিছে৷ তাৰ মাজতে শুকুৰবাৰে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতি আৰু চাবুৱা আঞ্চলিক সমিতিয়ে ৰাজ্য চৰকাৰ আৰু গৃহ বিভাগক বিফল আখ্যা দি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰে৷