ডিজিটেল ডেস্কঃ মুম্বাই, চেন্নাই আৰু হায়দৰাবাদকে ধৰি দেশৰ প্ৰমুখ বিমান বন্দৰত অপহৰণৰ ভাবুকিৰ পিছতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। এণ্টি-হাইজেক গোটৰ লগতে নেশ্যনেল চিকিউৰিটি গাৰ্ডৰ বিশেষ বাহিনী মোতায়েন কৰা হৈছে উক্ত বিমান বন্দৰত।
এগৰাকী মহিলাই ইমেইলযোগে মুম্বাই আৰক্ষীৰ এক শীৰ্ষ বিষয়াক বিমান অপহৰণৰ বিষয়ে জানিবলৈ পোৱা বুলি জনোৱাৰ পিছতে এই পদক্ষেপ লোৱা হৈছে। মহিলাগৰাকীয়ে এখন ৰেষ্টুৰেণ্টত ছয়জন লোকক উক্ত তিনিটা বিমান বন্দৰৰপৰা আজিৰ দিনটোত বিমান অপহৰণ কৰাৰ পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰি থকা শুনিবলৈ পোৱাৰ পিছতে মুম্বাই আৰক্ষীক সাম্ভাব্য বিপদৰ আগজাননী দিয়ে মহিলাগৰাকীয়ে।