67
বৰ্তমান প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব হিচাপে পৰিচিত জুবিন গাৰ্গৰ কণ্ঠ সঁচাকৈয়ে মানিবলগীয়া। তেখেতৰ কণ্ঠ আৰু সৃষ্টিশীলতাক মই সদায় সন্মান আৰু স্বীকাৰ কৰিম।
কিন্তু জুবিনে বিহু মঞ্চ বিলাকত কৰি অহা উদ্ভণ্ডালি বা নুনমাটি বিহু মঞ্চত হিন্দী গীত গায় বিতৰ্কৰ জৰিয়তে নিজকে প্ৰচাৰ কৰিব বিচৰা কাৰ্যক নিন্দা কৰিছো। এইসকল কণ্ঠ শিল্পীৰ বাবে আয়োজক সমিতিয়ে বহু কষ্ট কৰি ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি দিয়ে।