63
খাৰুপেটীয়াঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজ হোৱা মুখা-মুখি সংঘৰ্ষত দুই চোৰাং চিকাৰী নিহত হয়। বাঘবৰী শিবিৰৰ সমীপত হোৱা এই সংঘৰ্ষত আন দুজন চোৰাং চিকাৰী পলাই যাবলৈ সক্ষম হয়।
ঘটনাস্থলীৰপৰা উদ্ধাৰ হৈছে এটা থ্ৰী নট থ্ৰী ৰাইফল, কুঠাৰ আৰু মেগজিনৰ কাৰ্টিজ। বুজন পৰিমাণৰ খাদ্যসামগ্ৰীও উদ্ধাৰ কৰা হৈছে সংঘৰ্ষস্থলীৰপৰা। গঁড় হত্যাৰ প্ৰস্তুতি চলোৱা বুলি অনুমান কৰা চোৰাং চিকাৰীকেইজনে তাতে বাহৰ পাতি থকা বুলি সন্দেহ কৰা হৈছে।