newsnextone.com | চাবুৱাঃ ফুটবল খেলক বহিঃ ক্ৰীড়া বুলি কোৱা হয়। বিশ্বৰ কোনো কোনো দেশত ফুটবলক ‘চ’কাৰ’ বুলিও কয়। বিশ্বৰ সবাতোকৈ জনপ্ৰিয় খেলসমূহৰ মাজৰ অন্যতম ফুটবল খেল। জনপ্ৰিয় ফুটবলক খেলক লৈ অসমৰ জকাইচুকৰ এনেক যুৱকৰ দুৰ্বলতা আছে। তাৰকা খেলুৱৈৰ ভৰিৰ যাদু প্ৰত্যক্ষ কৰি অসমৰ বুহ যুৱকে ফুটবলৰ তাৰকা হ’ব খোজে। বিশ্বক দেখুৱাব খোজে ভৰিৰ যাদু৷
অসমৰ গাঁৱৰ হৰি, ৰহিম, মানস, ৰমেন আব্দুল হতে নিজৰ মাজত লুকাই থকা প্ৰতিভা নিশ্চয়কৈ বিকাশ কৰিব খোজে। অসমৰ যুৱকে ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু বিশ্বকাপ ফুটবললৈকে খোজ দিব খোজে। একাংশ লোকে গ্ৰাম্য অঞ্চলৰ ফুটবলৰ প্ৰতিভাক চিনাক্ত কৰি উপযুক্ত প্ৰশিক্ষণ দিবলৈ আহ্বান জনাই আহিছে৷