newsnextone.com | ডিজিটেল ডেস্কঃ নেৰেনেপেৰা বৰষুণৰ ফলত বানৰ কৱলত পৰিছে কেৰেলা ৰাজ্য। বৃহস্পতিবাৰে পুৱাই ইদুক্কিতি জিলা, মালাপুপৰম আৰু কান্নাৰত বানে তাণ্ডৱৰ সৃষ্টি কৰে। ইদামালায়ৰ বান্ধৰ পানী ১৬৯.৯৫ মিটাৰলৈ বৃদ্ধি হোৱাত বান্ধেৰে পানী এৰি দিব লগা হয়।
বান্ধৰ পানী এৰাৰ ফলত প্ৰলয়ৰ সৃষ্টি হয়। বান্ধৰ পানী এৰি দিয়াৰ ফলত হাজাৰ হাজাৰ লোকৰ ঘৰ-দুৱাৰ ডুবাই পেলোৱাৰ লগতে ৰাজপথ উটুৱাই নিয়ে। ৰাজ্যৰ বানপীড়িত অঞ্চলত হাই এলাৰ্ট জাৰি কৰি হৈছে। উদ্ধাৰকাৰী দলে পুৱাৰে পৰা উদ্ধাৰ অভিযান চলাই গৈছে।