NewsNextOne.com@লিডু : – তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত ৩নং উদয়পুৰৰ কুঁহিয়াৰ বাৰীৰ পৰা লেখাপানী আৰক্ষীয়ে আটক কৰে এগৰাকী মহিলাক। মহিলা গৰাকীৰ নাম ৰেনুকা ছেত্ৰী (৩৮) বুলি জানিব পৰা গৈছে ৷
ধৃত মহিলা গৰাকীৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমানৰ কানিৰ সৈতে প্ৰায় ৮০ হাজাৰ টকা জব্দ কৰে ৷ উল্লেখ্য যে বিগত সুদীৰ্ঘ দিন ধৰি লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত ভিতৰুৱা গ্ৰামাঞ্চল সমূহত ড্ৰাগছ – কানিৰ ৰমৰমীয়া ব্যৱসায়ে এক গুৰুত্বৰ ৰুপ ধাৰন কৰি আহিছিল ৷