NewsNextOne.com@কাৰ্বি আংলংঃ-
যি সময়ত চৰকাৰে দুৰ্নীতিৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে চিণ্ডিকেটৰাজ ৰোধৰ বাবে বিভিন্ন তালাচী চকী সমূহ উঠাই দিছে, সেইসময়তে তথাকথিত বিজেপিৰ একাংশ স্বয়ম্ভূ নেতা কৰ্মীয়ে তাৰে সুবিধা গ্ৰহণ কৰি ন-ন কৌশলেৰে অবৈধ ধন ঘটাৰ অভিযোগ উঠিছে কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাত ৷
উল্লেখ্য যে আজি কিছুদিনৰ পৰা ৰাতি হলেই মহকুমাটোৰ চিলনীজানৰ পৰা অসম-নগালেণ্ড সীমান্তৰ লাহৰীজানলৈকে প্ৰায় ৪০ কি:মি: পথত বগা ৰঙৰ বলেৰ’ত অহা এটি ছয়-সাত জনীয়া যুৱকৰ দলে ৰাস্তাত গাড়ী ৰখাই গাড়ীত থকা সামগ্ৰীৰ ওপৰত ভিত্তি কৰি সেই বিভাগৰ গুৱাহাটীস্থ বিষয়া কৰ্মী বুলি কৈ গাড়ীত থকা সামগ্ৰী সমূহৰ সৰবৰাহত খুট উলিয়াই আৰক্ষী থানালৈ নিয়াৰ হুমুকি দিয়ে।