NewsNextOne.com@তেজপুৰঃ-
অসম চৰকাৰৰ ফালৰ পৰা ঘোষিত শিল্পী পেঞ্চনৰ তালিকাত বহু কেইজন শিল্পীৰ লগতে তেজপুৰৰ বিশিষ্ট ঢোল বাদক তৰুন বৰাই শিল্পী পেঞ্চন পাবলৈ সক্ষম হয়। কালি ঘোষিত তালিকাত সাংস্কৃতিক নগৰী তেজপুৰৰ শিল্পী পেঞ্চনাৰ সকল হ’ল জয়কান্ত দাস , বংকিম শৰ্মা , নৰেন লহকৰ ,তৰুন ওজা , অমুল্য কাকতি আৰু জান তালুকদাৰৰ নাম ঘোষিত হয় ।
তেজপুৰৰ বিশিষ্ট ঢোলৰ ওজা তৰুন বৰাৰ বিভিন্ন ধৰণৰ ৰাজনৈতিক ভাৱে প্ৰলোভন দি আহিছিল যদিও বহুবাৰ বঞ্চিত হৈ আহিছিল শিল্পী তৰুন ওজা। ৭বছৰ বয়সতে কলাগুৰু বিষ্ণুৰাভাই ওজা উপাধি প্ৰদান কৰা তৰুন ওজা এগৰাকী চহা আৰু দ্ৰৰিদ্ৰ শিল্পী।