69
নাৰায়ণপুৰঃ অসমৰ দেউৰী জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহত পৰম্পৰা অনুসৰি বছৰৰ প্ৰথম বুধবাৰটোত পালন কৰা হয় দেউৰী বিহু অৰ্থাৎ ব’হাগ বিহু। বুধবাৰে উৰুকা পালন কৰাৰ পিছত বৃহস্পতিবাৰৰপৰা পালন কৰা হয় বিহু।
উৰুকাৰ সন্ধ্যাৰ পৰা গাঁৱৰ ডেকা-গাভৰুসকলে গাঁৱৰ বৰ পুজাৰীৰ চোতালত বিহু মৰাটো দেউৰীসকলৰ পৰম্পৰা। সমগ্ৰ অসমৰ লগতে নাৰায়নপুৰ, কিনাপথাৰ, দেউৰীগাঁৱত নিশা বোকা বিহু পালন কৰাৰ লগতে আনন্দত মতলীয়া হৈ পৰিছে ডেকা-গাভৰু, বৃদ্ধা-বণিতা।