গোৱালপাৰাঃ গোৱালপাৰাত চাৰি ৰাজনৈতিক দলে আজি ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী৷ উচ্ছেদ অভিযান, নাগৰিকপঞ্জী, গৰাখহনীয়া আদি জলন্ত সমস্যা সমাধানৰ দাবীত জিলা উপায়ুক্তৰ কাৰ্যালৰ সন্মুখত চিপিআইএম, চিপিআই, আম আদমী পাৰ্টী, এনচিপি দলৰ কৰ্মকৰ্তা সকলে ৰূপায়ণ কৰে এই ধৰ্ণা কাযসূচী৷
চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ প্ৰতিবাদমুখৰ কৰি তোলে প্ৰতিবাদকাৰীয়ে৷ ইয়াৰ পিছত ১৯৭১ চনৰ ১৪ মাৰ্চৰ সময়সীমা অটুট ৰাখি NRC ৰ কাম ক্ষীপ্ৰতাৰে কৰা, NRC ৰ কামৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বন্ধ কৰা, গৰাখহনীয়া প্ৰতিৰোধ কৰা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাকে ধৰি দহদফীয়া এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ হাতত প্ৰদান কৰে৷