newsnextone.com | তামুলপুৰঃ শৈক্ষিক উন্নতিৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অসম চৰকাৰে একে চৌহদত একাধিকভাবে থকা বিদ্যালয়সমূহ একত্ৰিকৰণৰ ব্যৱস্থা কৰি ইতিমধ্যে অসমৰ প্ৰায় সকলো জিলাতে এই কাৰ্য সম্পন্ন কৰিছে।
শেহতীয়াকৈ শিক্ষা বিভাগৰ শিক্ষা আয়ুক্তৰ অনুমতি সাপেক্ষে বাক্সা জিলাৰ ১৫ খন হাইস্কুলৰ লগত সংলগ্ন হৈ থকা এম ই স্কুলক একত্ৰিকৰণ কৰা হৈছে। ইয়াৰে ১১ খন এম ই স্কুলে একে চৌহদৰ সংশ্লিষ্ট হাইস্কুলৰ লগত মিলি এক সুন্দৰ পৰিৱেশৰে এখন বিদ্যালয় হিচাপে কাম কৰি গৈছে যদিও ইয়াৰে চাৰিখন বিদ্যালয়ে এতিয়ালৈ চৰকাৰী নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই এতিয়াও পৃথক বিদ্যালয় হিচাপে কাম-কাজ চলাই থকা পৰিলক্ষিত হৈছে।