60
তেজপুৰঃ ১৯৮৩ চনত অসম অন্দোলনত মিলনবাকৰি অঞ্চলৰ যুৱকে অংশগ্ৰহন কৰি নিৰ্যাতনৰ বলি হৈছিল। বিগত বহু বছৰৰ ধৰি মিলনবাকৰিৰ ৰাইজ তথা মহিলাসকলে বহাগৰ সাত তাৰিখে ৰাজহুৱাভাৱে নাম পাতি আন্দোলনত অংশগ্ৰহণ কৰা যুৱকসকলৰ মঙ্গল কামনা কৰি আহিছে।
সেই পৰম্পৰা অক্ষুন্ন ৰাখি আজিও পালন কৰা হয় সাতবিহু। এই বিহুৰ লগত সংগতি ৰাখি আজি বৃক্ষৰোপন কাৰ্যসূচীও ৰূপায়ন কৰা হয়। এই কাৰ্যসূচী মুকলি কৰে বয়োজ্যেষ্ট নাগৰিক যোগেন দাস আৰু অপুৰ্ব বৰাই।