newsnextone.com। ডিজিটেল ডেক্সঃ ক্ৰিকেট জগতৰ মহান বেটছমেনৰ নাম মনত পেলালে এসময়ৰ অষ্ট্ৰেলিয়াৰ ডোনাল্ড ব্ৰেডমেনৰ নাম ল’ব পাৰি৷ বিশ্বত তেওঁ ড’ন ব্ৰেডমেন বুলিহে খ্যাত৷সোমবাৰে পুৱাৰে পৰা গুগলে ব্ৰেডমেনৰ ফটো গুগলত সংলগ্ন কৰি তাৰকাগৰাকীক স্মৰণ কৰে৷ ক্ৰিকেটৰ মহা নায়কজনৰ ১১০ বছৰীয়া জন্মদিনত গুগলে ডুডল বনাই তেওঁক শ্ৰদ্ধাঞ্জলি জনায়৷
ক্ৰিকেটৰ বেটছমেন ব্ৰেডমেনে ১৯০৮ চনৰ ২৭ আগষ্টত অষ্ট্ৰেলিয়াত অৱস্থিত নিউ চাউথ ৱেলচত জন্মগ্ৰহণ কৰে৷ ১১০ বছৰৰ অতিক্ৰম কৰা আজিৰ দিনটোতে জন্ম লাভ কৰিছিল এই মহান খেলুৱৈজনে৷ তেওঁৰ জন্মদিনৰ উদযাপনক লৈ খেলি মেলিৰো সৃষ্টি হৈছিল৷ অষ্ট্ৰেলিয়ন চিনেমা আকাৰ্উৱসে ব্ৰেডমেনৰ ১০০ তম জন্মদিন বুলি কৈ টুইটাৰত ভিডিঅ’প্ৰকাশ কৰে৷ পাছত ক্ষমা বিচাৰি তেওঁলোকে ভুলৰ শুধৰণি কৰে৷ গড়ৰ সংখ্যাৰ পৰা তেওঁৰ খেলৰ প্ৰতি থকা পাৰদৰ্শিতাৰ বিষয়ে প্ৰমাণ পাব পাৰি৷