98
newsnextone.com।শিৱসাগৰঃ ৰাজ্যৰ জৰাজীৰ্ণ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি কাম অতি লেহেমীয়া গতিত হোৱাৰ প্ৰতিবাদত আজি সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে শিৱসাগৰ জিলাৰ ডিমৌত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যুগল বৰুৱাৰ উপস্থিতিৰ সংগঠনটোৰ দুই শতাধিক নেতা-কৰ্মীয়ে অসম চৰকাৰ হায় হায়, ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম শীঘ্ৰে কৰক,মটক যুৱ-ছাত্ৰ পৰিষদ জিন্দাবাদ আদি শ্লগানেৰে প্ৰায় ১ ঘন্টা সময় ডিমৌৰ ৰাজপথ উত্তাল কৰি তোলে।