Home অন্যান্য খবৰটিলাপাৰাত প্ৰধান মন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত পকী ৰাস্তাৰ আধাৰ শিলা স্হাপন

টিলাপাৰাত প্ৰধান মন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত পকী ৰাস্তাৰ আধাৰ শিলা স্হাপন

by News Desk
54 views
A+A-
Reset

 

NewsNextOne.Com|বিলাসীপাৰা: ধুবুৰী জিলাৰ বিলাসীপাৰা পূৱ সমষ্টিৰ টিলাপাৰাৰ পৰা নুনমাটি লৈ প্ৰধান মন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত পকী ৰাস্তাৰ আজি আনুষ্ঠানিক ভাৱে আধাৰ শিলা স্হাপন কৰা হয়। প্ৰায় দুই কোটি টকা ব্যয়সাপেক্ষে প্ৰধান মন্ত্ৰী গ্ৰাম সড়ক যোজনা পকী ৰাস্তাৰ আধাৰ শিলা স্হাপন কৰে বিলাসীপাৰা পূৱ সমষ্টিৰ বিজেপিৰ বিধায়ক অশোক কুমাৰ সিংহী, বিলাসীপাৰা মহকুমাধিপতি ৰহন কুমাৰ ঝা আৰু ধুবুৰী গড়কাপ্তানি সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা শ্ৰীযুত ছিদ্দিকুৰ ৰহমানৰ উপস্থিতিত ৰাস্তাৰ আধাৰ শিলা স্হাপন কৰা হয়। পথ নিৰ্মাণ উপলক্ষে টিলাপাৰা বজাৰ প্ৰাঙ্গণত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে। উক্ত সভাত মুখ্য অতিথি হিচাপে বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী, বিশিষ্ট অতিথি হিচাপে বিলাসীপাৰা মহকুমাধিপতি ৰোহন কুমাৰ ঝা আৰু কাৰ্য্যবাহী অভিযন্তা শ্ৰীযুত ছিদ্দিকুৰ ৰহমানে তেওঁলেোকৰ ভাষনত পৰিৱৰ্তন কামী চৰকাৰে আগবঢ়োৱা সমষ্টি উন্নয়ন সম্পৰ্কে বিভিন্ন কামৰ ক্ষতিয়ান ৰাইজৰ আগত দাঙি ধৰে। সভাত প্ৰায় পাঁচ শতাধিক ৰাইজ উপস্থিত থাকে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0